ডিজিটেল ডেস্কঃ আমেৰিকাৰ এখন আগশাৰীৰ স্পা ৷ স্পা খন খুবেই জনপ্ৰিয়৷ স্পা খনৰ নাম হৈছে ‘মছাজ এম্বি’৷ সমগ্ৰ দেশ খনতে এই মছাজ এম্বিৰ মুঠ ১২০০ খন স্পাৰ পাৰ্লাৰ আছে৷ বহু নামি-দামি তথা লোকৰ আহ-যাহ হয় স্পা খনত।
ভাগৰুৱা শৰীৰত সবল কৰিবলৈ ভাগৰ কমাবলৈ মালিছৰ সহায়ত অলপ বিশ্ৰামৰ বাবে আহে লোকসকলে৷ এই স্পা খনৰ এটা খবৰ ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াত মালিছৰ নামত হয় যৌন শোষন৷ এগৰাকী দুগৰাকী নহয় প্ৰায় ১৮০ গৰাকী মহিলাই এই মাছাজ পাৰ্লাৰ খনৰ বিৰুদ্ধে আনিছে যৌন শোষণ কৰাৰ অভিযোগ। মহিলা সকলে গোচৰো তৰে৷