নগাঁওঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুবিধা লাভ কৰিছে অসমৰ এগৰাকী মেধাবী ছাত্ৰই৷ নগাঁও চহৰৰ খ্ৰীষ্টজ্যোতি স্কুলৰ চতুৰ্থ শ্ৰেণীত অধ্যয়ণৰত এই ছাত্ৰ গৰাকী হৈছে মানস জ্যোতি দাস৷ গুৱাহাটী মহানগৰৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সদ্য অনুষ্ঠিত অষ্টম বাৰ্ষিক ৰাজ্যিক ‘এৰেকাচ’ প্ৰতিযোগিতাত Level-3 শাখাত অংশগ্ৰহন কৰি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷
আলোহা টিনিট’টছ্ আসাম(Aloha Abacus Learning of Higher Arithmatic)ৰ দ্বাৰা আয়োজিত ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰাৰ সুবাদত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ যোগ্যতা আহৰণ কৰিছে মানসে ৷ সেয়ে অহা ৩০ ডিচেম্বৰৰ পৰা সুদুৰ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায় প্ৰতিযোগিতাত নগঞা মেধাৱী ছাত্ৰ মানসে ভাগ ল’ব৷