তিনিচুকীয়াঃ জাতি মাটি ভেটি অৰ্থই সলনি কৰিলে বিজেপিয়ে৷ ৰাজ্যৰ কেইবা হেক্টৰ ভূমি বহিৰাগত বণিয়া কিম্বা বিদেশী মূলৰ লোকে অবৈধভাৱে দখল কৰিছে। বাবাৰাম দেৱক শ-শ বিঘা মাটি দিয়া জাতি-ভেটি-মাটিৰ চৰাকৰ কনে শাসনৰ বাঘজৰী হাতত লৈ কেৱল থলুৱা লোকক উচ্ছেদ কৰা আৰম্ভ কৰিছে। এনে কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা চমুকৈ আকছুই৷
সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়া নিউজ নেক্সট ৱানৰ স’তে হোৱা এক টেলিফোনিক বাৰ্তালাপত বৃহৎ পুঁজিপতি কিম্বা অবৈধ বাংলাদেশীয়ে দখল কৰা ভূমিক দখলমুক্ত কৰাতকৈ সৰ্বা চৰকাৰে অসমৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা কাৰ্যক কোনো কালেই সমৰ্থনযোগ্য নহয় বুলি মত প্ৰকাশ কৰে৷ এতিয়া চৰকাৰ খনৰ বাবে বাবা ৰামদেৱ হ’ত হে থলুৱা হৈ পৰিল বুলিও কয়।