ডিজিটেল ডেস্কঃ মনত আছেনে শৈশৱৰ লুজেন কিনি খোৱাৰ কথা। তেতিয়া আপোনাৰ সৈতে সেই নোট খন আছিল। যি খন নোটৰ আজি এশ বছৰ হ’ল। সেই নোট খনতে আমি সুখী আছিলো। চাহিদা থকা নোট খনৰ মাণদণ্ডও আছিল বহু। সেই সময়ত সেই নোট খনৰ মূল্যও বহু আছিল।
হয়, মই এক টকাৰ নোট খনৰ কথাকে কৈছে। এটা সময় আছিল সকলোৰে হাতে হাতে বেলেগ নোট থাকক বা নাথাকক সকলোতে ব্যৱহাৰ কৰিব পৰা সৰু নোট খন থাকিবই৷ বিদ্যালয়লৈ যোৱাৰ পৰত অভিভাৱকে হাতত গুজি দিছিল সেই নোট খন৷ পিছে সময়ৰ সোঁতত যেন মুল্য হেৰাই গ’ল এই নোট খনৰ৷ এনে এটা সময় আহে যে একেবাৰেই বন্ধ হৈ পৰে এই নোট৷