ৰঙিয়াঃ শাসনত নাই যদিও ৰঙিয়াত কংগ্ৰেছৰ খোৱা-কামোৰাৰ ৰাজনীতি অব্যাহত আছে৷ যোৱা নিৰ্বাচনত ৰঙিয়া সমষ্টিত বৰ বেয়াকৈ মুখ থেকেচা খোৱা কংগ্ৰেছে যেন আজিও লোৱা নাই শিক্ষা৷ ৰঙিয়াৰ কংগ্ৰেছ দলৰ নেত্ৰী হাচনা আহমেদক দলৰপৰা ৬ বছৰৰ বাবে বহিস্কাৰ কৰে।
ৰঙিয়া নগৰ ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি ৰবিন শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে দল বিৰোধি কামত লিপ্ত থকাৰ বাবে হাচনা আহমেদক দলৰ পৰা বহিস্কাৰ কৰা বুলি কয়৷ ৰঙিয়া পৌৰ সভাৰ অচলাৱস্থাৰ ক্ষেত্ৰত হাচনা আহমেদে দলৰ বিৰুদ্ধে থিয় দি বিজেপিক সহায় কৰিছিল।