নগাঁওঃ ক্ৰমান্বয়ে নগাঁও জিলাত মাৰাত্মক এইডছ আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷ বৰ্তমান জিলাখনত আছে ৬ শতাধিক এইডছ আক্ৰান্ত ৰোগী আছে৷ সমগ্ৰ দেশৰ লগতে অসমটো বিশ্ব এইডছ দিৱস উদযাপনৰ সময়তে পোহৰলৈ আহিছে এই তথ্য৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ ভিতৰত ২৭৭ গৰাকী পুৰুষ হোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ২৫১ গৰাকী৷
ইয়াৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ৪৮১ গৰাকী, ধিং এফ আৰ ইউৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ১৫ গৰাকী আৰু জখলাবন্ধা এফ আৰ ইউৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ৩২ গৰাকীৰ দেহত ভয়াবহ এইচ আই ভি পজিটিভ ধৰা পৰাৰ তথ্য সন্নিবিষ্ট হৈছে৷ ইফালে, এই এইডছ আক্ৰান্ত সকলৰ ২২১ গৰাকী পুৰুষ, ২২৭ গৰাকী মহিলাৰ লগতে ৩১ টা শিশুৱে নিয়মিতৰূপত চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে৷