Home ৰাজ্যপ্ৰতিবন্ধী দিৱস উপলক্ষে লালুকত শিকন-শিক্ষন সামগ্ৰীৰ প্ৰদৰ্শন

প্ৰতিবন্ধী দিৱস উপলক্ষে লালুকত শিকন-শিক্ষন সামগ্ৰীৰ প্ৰদৰ্শন

by News Desk
58 views
A+A-
Reset

লালুকঃ অসম সৰ্বশিক্ষা অভিযান মিছনে ২৭ নবেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ প্ৰতিবন্ধী সপ্তাহৰ অনুষ্ঠিত কৰিছে বিহপুৰীয়া শিক্ষা খণ্ডত৷ প্ৰতিবন্ধী সপ্তাহৰ সৈতে সংগতি ৰাখি ১৩৪নং লালুক প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এখন শিকন-শিক্ষন সামগ্ৰীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়৷ শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমুহে অংশ গ্ৰহণ কৰি নিজ নিজ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে থকা শিকন-শিক্ষন সামগ্ৰী সমুহ প্ৰদৰ্শন কৰে৷ বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লালুক প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মনোজ বৰপাত্ৰ গোহাঁয়ে৷

প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে বিহপুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া চিত্ৰ বৰপাত্ৰ গোহাঁয়ে৷ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নাৰায়ন চন্দ্ৰ শৰ্মাই আতঁধৰা অনুষ্ঠানত বিহপুৰীয়া শিক্ষাখণ্ডৰ লালুক আৰু বঙালমৰা শিক্ষা চক্ৰৰ সহ পৰিদৰ্শক আব্দুৰ ৰাজ্জাক, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীল পদুম কোঁৱৰ, প্ৰদৰ্শনীৰ পৰ্যবেক্ষকদ্বয় ক্ৰমে নৱজ্যোতি ভূঞাঁ আৰু মূনীন ভূঞাঁ উপস্থিত থাকে৷ প্ৰতিবন্ধী সপ্তাহৰ লগত সংগতি ৰাখি চিত্ৰাংকন, কৃষ্টি, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সজাগতা সভা, খেল- ধেমালী, বাটৰ নাট আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ কাৰ্যসূচী পৰিচালনা কৰে প্ৰতিবন্ধী বিভাগৰ সমল ব্যক্তি ৰেজাৱান উল্লাহ, মনোজ সিং আৰু প্ৰভাত হাজৰিকাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0