গুৱাহাটীঃ অৱশেষত ভগ্নাৱশেষতে ত্ৰিপাল টানি চৰকাৰে ভাঙি দিয়া বিদ্যালয়ত আৰম্ভ হ’ল পাঠদান৷ ৰাজ্যৰ বন বিভাগে উচ্ছেদৰ নামত এখন শিক্ষানুষ্ঠানক মুহূৰ্ততে হাতী, এক্সভেটেৰৰে ভাঙি পেলাইছিল৷ ডেস্ক, বেঞ্চ, টেবুল চকী একো উলিয়াবৰ সময় নিদিলে বন বিভাগে৷ ছাত্ৰ-ছাত্ৰীৰ কাতৰ আহ্বান, কাকুতি, মিনতিক গুৰুত্ব প্ৰদান নকৰি বৰ্বৰ ভাবে ভাঙি পেলাইছিল স্কুল খন৷ বিদ্যালয় খনত শুকুৰবাৰৰ পৰা পাঠদান আৰম্ভ হয়৷ পুৱাই ভগ্নাৱশেষৰ মাজতে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় গৃহ অবিহনে পাঠদান আৰম্ভ কৰে৷
স্থানীয় ৰাইজ তথা বিভিন্ন সংগঠনৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠানৰ লোকৰ সহায় সহযোগত পুনৰাই পাঠদান আৰম্ভ হয়৷ স্থানীয় ৰাইজ তথা SFIৰ বিশেষ সহায়ত বাঁহৰ খুঁটা পুটি কেই খন মান ত্ৰিপাল টানি ছাত্ৰ-ছাত্ৰীক বহিবৰ বাবে ব্যৱস্থা কৰি দিয়ে৷ শুকুৰবাৰৰ পুৱাই ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ ইউনিফৰ্ম পিন্ধি আহে৷ পুৱাই প্ৰাৰ্থনাৰে আবেগিক পৰিবেশত আৰম্ভ হ’য় পাঠদান৷ আমচাঙত উচ্ছেদৰ চৰকাৰে ভাঙি দিছিল জনশিমলু হাই স্কুল৷