কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ থানাৰ ২ নম্বৰ ভোমৰাবিল গাঁৱত কালি জাহিদুল ইছলাম নামৰ ১০ বছৰীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মৃতকৰ সম্বন্ধীয় ককায়েকক যোৱা নিশাই আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
একেখন গাঁৱৰ বাসিন্দা তথা মৃত শিশুটিৰ বৰদেউতা শুকুৰ আলীৰ পুত্ৰ ৰফিকুল ইছলাম ওৰফে হাফেজ(২৩) ক আটক কৰি আৰক্ষীয়ে সোধপোছ কৰাত হত্যাৰ অন্তৰালৰ ৰহস্য পোহৰলৈ আহিছে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি মাটি-বাৰী সংক্ৰান্ত কাজিয়াৰ পৰিণতিত নিজৰ খুড়া মনছেৰ আলী শ্বেখৰ দহ বছৰীয়া ল’ৰা জাহিদুল ইছলামক নৃশংসভাৱে হত্যা কৰি মৃতদেহটো পৰিত্যাক্ত স্থানত লুকুৱাই ৰাখিছিল ৰফিকুল ইছলামে।