ইছলামাবাদঃ সন্ত্ৰাসবাদীসকললৈ সদয় বুলি সততে বিশ্ববাসীৰ সমালোচনাৰ সমুখীন হোৱা পাকিস্তান এইবাৰ আগবাঢ়িছে প্ৰায়শ্চিত্তৰ দিশত। সন্ত্ৰাসজৰ্জৰ দেশখনত শেহতীয়াভাবে আত্মঘাটি বোমাৰুৰ আক্ৰমণত প্ৰায় ১২৫ জন লোকৰ মৃত্যু হোৱাৰ পিছত চকু মেল খাইছে পাক চৰকাৰৰ।
তাৰেই যেন প্ৰতিফলন সমগ্ৰ দেশজুৰি চলোৱা ৰাদ-উল-ফছাদ অভিযান। আজিৰ দেশখনৰ পঞ্জাৱ প্ৰদেশত পাক সেনাৰ সন্ত্ৰাসবিৰোধী অভিযানত ৬০০ জনৰো অধিক সন্দেহযুক্ত উগ্ৰহপন্থীক আটক হয়। প্ৰায় দুশৰো অধিক ঠাইত সেনাৰ অভিযানত ৪ জন সন্দেহজনক উগ্ৰপন্থী নিহতও হয়।