নলবাৰীঃ ৰাজ্যৰ থলুৱা ইছলামধৰ্মীসকলৰ একমাত্ৰ জাতীয় সংগঠন সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদে অসমীয়া জাতীৰ বিপদৰ কালত সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ৰাজ্য খনৰ বিভিন্ন দল-সংগঠনৰ সৈতে লগলাগি বিভিন্ন সময়ত চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
বঞ্চিত, অৱহেলিত খিলঞ্জীয়া ইছলামধৰ্মী সকলৰ এক বৰ্ণিল ইতিহাসো আছে৷ আহোম-মোগলৰ যুদ্ধৰ পৰা আৰম্ভ কৰি, দেশৰ স্বাধীনতা আন্দোলন, অসমৰ বিদেশী আন্দোলনত এই সকৰ খিলঞ্জীয়াৰ গুৰুতৰ ভূমিকা আছে, সেয়া আজিও ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ৷