বোকাজানঃ কাৰ্বি ভূমিৰ অন্যতম সাংবাদিক সন্থা বোকাজান প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শনিবাৰে পালন কৰা হয়৷ বিলাতী মাটি কাৰখানাৰ অতিথিশালাৰ সমীপত বোকাজান প্ৰেছ ক্লাৱৰ নৱ-নিযুক্ত সভাপতি প্ৰকাশ গগৈয়ে পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে ৰাজ্যৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু কাৰ্বি আংলং জিলাৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক মানিক দেউৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, বোকাজান শাখা সাহিত্য সভাৰ সভাপতি তিলেশ্বৰ হাজৰিকাই৷
