গোৰেশ্বৰঃ কিমান দুৰ্বিসহ হ’ব পাৰে বাৰু অঘৰী জীৱন? নিঃসংগতা, সমাজৰ বঞ্চনা আৰু দাৰিদ্ৰতাত পিষ্ট হৈ এতিয়াও মুকলি আকাশৰ তলত জীৱন যাপন কৰি আহি আহিছে বহু লোকে! ৰাজ্যত দৰিদ্রতা নাই বুলি চৰকাৰে দাবী কৰিব খোজে যদিও আজিও বহু লোকৰ নাই এখন চালি, এমুঠি অন্ন কিম্বা এখন বস্ত্ৰ।
মৌলিক অভাৱ পূৰ কৰিব নোৱাৰা বাগসা জিলাৰ গোৰেশ্বৰ চহৰৰ মুকলি আকাশৰ তলত জীৱন অতিবাহিত কৰা দুজন পুৰুষ-মহিলাই গোৰেশ্বৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। চৰকাৰৰ কোনো কল্যাণমূলক আঁচনিয়ে ঢুকি নোপোৱা এনে এজন ব্যক্তি হৈছে গোৰেশ্বৰস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ সমীপৰ সোণজুৰি দলংখনৰ তলতে নিতৌ নিজে ভাত বনাই খোৱা সঞ্জয় দাস৷