নলবাৰীঃ শনিবাৰে বাঁহজানীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ দহ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ শৰ্মাই। আনহাতে চান্দুকুছি শংকৰদেৱ শিশু নিকেতনৰ শ্ৰেণী কোঠাৰো আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে৷ আধাৰশিলা স্থাপন অন্তত শিক্ষাবিদ তথা দক্ষিণ নলবাৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ বীৰেন কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত বিধায়ক শৰ্মাই ৰাজ্যৰ বিজেপি চৰকাৰ খনে শিক্ষাক গুৰুত্ব দিয়া বুলি কয়৷
নলবাৰী জিলাৰ বাহঁজানীত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাৰ এখন পূৰ্ণ পৰ্যায়ৰ মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে বিধায়ক শৰ্মাই৷ সাধাৰণ পৰিয়ালৰ লৰা-ছোৱালীয়ে যাতে চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি এজন সু-নাগৰিক হ’ব পাৰে তাৰ বাবে শিক্ষাক বিনামূলীয়া কৰাৰ প্ৰয়াস কৰা বুলি কয়। আঁচনি নিৰ্মাণ কাৰ্যত কৰবাত ভুল হব পাৰে সেয়া সমালোচনা নকৰি নিৰ্মাণৰ সময়ত দেখুৱাই দিব লাগে বুলি কয়। সমালোচনাৰে কেতিয়াও উন্নয়ণ বিকাশ সম্ভৱ নহয় বুলি দোহাৰে।