নলবাৰীঃ বৰপেটা জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘আলোড়ন’ৰ এটি দল শনিবাৰে নলবাৰী জিলালৈ আহে৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে নলবাৰী চহৰৰ শান্তি নিবাস অনাথ আশ্ৰম উপস্থিত হৈ বৃদ্ধ ককা, আইতা, কণ কণ শিশু সকলৰ সৈতে সময় অতিবাহিত কৰে৷
‘আলোড়নৰ’ সভাপতি মৃদুল কুমাৰ তালুকদাৰ, সম্পাদক অভি দেউৰী, বিষয়-ববীয়া লিলি ওজা, তুলিকা বৰ্মন, কংকন দাস, কাজল দাস, ডিম্পল দাস, ৰাখল চন্দ্ৰ দাস, কৃষ্ণাংগ সাউদ, টিপু চুলতান, মানৱজৌতি গোস্বামীয়ে অনাথ আশ্ৰমত উপস্থিত হৈ আৱাসীসকলকত জাৰৰ কাপোৰ ফল-মূল বিতৰণ কৰে। আনহাতে বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী ৰাতুল দেৱ শৰ্মাও উপস্থিত থাকে।