খেৰণিঃ এখন দোকান৷ দোকান বুলি কলে আচলতে ভুলকৈ কোৱা হ’ব৷ টিনৰ ছালিৰ তলত কেইটামান বৈয়ামসহ এগৰাকী লোকে বুকুত অযুত দুখ লৈ সময়বোৰ অতিবাহিত কৰি আহিছে৷ মানুহগৰাকীয়ে হয়তো অকলশৰীয়াকৈ থাকিব নোৱাৰা হৈছে৷ কিয়নো তেওঁৰ বুকুত একুৰা শোকৰ জুই উমি উমি জ্বলি আছে৷ একালৰ সুঠাম শৰীৰৰ মানুহগৰাকীৰ লাহে লাহে যেন পৃথিৱীৰ প্ৰতি মোহ নোহোৱা হৈছে৷ সংসাৰখনৰ তাগিদাত তেওঁ যেন পৰিয়ালৰ লোকসকলৰ বাবেহে জীয়াই আছে৷
মানুহগৰাকীয়ে এখন ফটো আজিও সযতনে ৰাখি থৈছে৷ সেই ফটোখন মানুহগৰাকীৰ সম্পত্তি৷ যিখন ফটো চাই চাই তেওঁ প্ৰতিপল অতিবাহিত কৰে৷ তেওঁৰ যেন জীয়াই থকাৰ সম্বল কেৱল ফটোখনেই৷ কেতিয়াবা ফটোখন বুকুৰ মাজত লৈ হিয়া ঢাকুৰি কান্দে মানুহগৰাকীয়ে৷ ফটোখন হাতত লৈ তেওঁ যেন ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰি মানুহক সুধি ফুৰিব মোৰ সন্তানটোক দেখিছেনে? মোৰ সন্তানটোক আপুনি আনি দিব পাৰিবনে? দিকবিদিক হেৰুৱাই পেলাইছে মানুহজনে৷