তিনিচুকীয়াঃ উজনি অসমৰ পূৱ প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ডুমডুমা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী আজি বৰ্ণিল ৰূপত সামৰণি পৰে ৷ কাৰ্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সমন্বিতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰা হয় য’ত সমগ্ৰ ডুমডুমা অঞ্চলত সিঁচৰতি হৈ থকা বিভিন্ন জাতি-জনজাতিৰ থলুৱা কৃষ্টিৰ লগতে বিভিন্ন গীত-মাতেৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ৷
প্ৰায় ডেৰ সহস্ৰাধিক লোকৰ সহযোগত উলিওৱা এই শোভাযাত্ৰাত মৰাণ, মটক, আদিবাসী, সোণোৱাল কছাৰী, গোৰ্খা,ইছলামিক, দেউৰী, বেংগলী, ভোজপুৰী, চাহ-জনজাতি (উৰিয়া) সম্প্ৰদায়ৰ বিভিন্ন লোকে স্বতঃস্ফূৰ্ত ভাৱে যোগদান কৰা পৰিলক্ষিত হয় ৷ ডুমডুমা মহাবিদ্যালয় অধ্যক্ষ ড৹ প্ৰকাশজ্যোতি বৰঠাকুৰৰ বিহু গীতৰ তালে তালে মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ নাচোনৰ ছন্দত যেন ডুমডুমা মহাবিদ্যালয়খনে পুনৰ ষোড়শী গাভৰুৰ ৰূপ পাই প্ৰাণ টাকি নাচে৷