তিনিচুকীয়াঃ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি যে বন বিভাগৰ একাংশ বিষয়াই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে সেয়া পুনৰ প্ৰমাণিত কৰিলে তিনিচুকীয়া জিলাৰ ডুমডুমাত এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱা ঘটনাই।
সোমবাৰে দিনৰ ভাগত ডুমডুমাৰ কৰ্দৈগুৰি অঞ্চলৰ জকাইচুক গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় এই দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰটো। সদৌ মৰাণ ছাত্ৰ সন্থাৰ জকাইচুক শাখাৰ বিষয়ববীয়াসকলৰ সহযোগত ‘প্ৰকৃতি’ নামৰ স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ কৰ্মকৰ্তাসকলে আহত অৱস্থাত উদ্ধাৰ কৰে বান্দৰটোক।