মঙলদৈঃ দৰং জিলাৰ মঙলদৈ সমষ্টিৰ নিজ ডাঁহী গাঁৱত ১৯৮৯ চনতে অগপৰ আমোলত ৰাজ্যৰ উদ্যেগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা স্থাপন কৰা হৈছিল এখন ঔদ্যোগিক আৰু বাণিজ্যিক পাম। প্ৰায় এবিঘা মাটিত ১২টা কোঠাৰে সম্পূৰ্ণ হৈ উঠা উদ্যেগিক পামখন কিন্তু বিগত ২৮ বছৰে মুকলি কৰা নহ’ল।
চৰকাৰ আহিছে চৰকাৰ গৈছে। চকু মুদা কুলিৰ ভাও প্ৰতিখন চৰকাৰৰ। সম্প্ৰতি পামখন জহি-খহি যোৱাৰ উপৰিও গাহৰিৰ গৰালত পৰিণত হৈছে। লক্ষণীয় যে পামখন মুকলি নোহোৱাকৈয়ে মেৰামতিৰ নামত অহা চৰকাৰী ধন ঠিকাদাৰে হৰলুকি কৰাৰো অভিযোগ উত্থাপিত হৈছে।