গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে যোৱা ১৮ ফেব্ৰুৱাৰীত গোৰেশ্বৰ গড়কাপ্তানি বিভাগৰ পৰিদর্শন বঙলা প্ৰাংগণত আয়োজিত এক জনসভাত অসম আন্দোলনৰ শ্বহীদক অপমানসূচক মন্তব্য কৰাৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই ।
আজি গোৰেশ্বৰ আছুৰ সভাপতি সম্পাদক ক্ৰমে ডিম্পল কলিতা আৰু দেৱজিৎ ৰাজবংশীয়ে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতি যোগে জনাইছে যে অসম আন্দোলনত দেশ মাতৃৰ অস্তিত্ব ৰক্ষাৰ লগতে দেশৰ হকে প্ৰাণ বলিদান দিয়া শ্বহীদক লৈ যি মন্তব্য কৰিছে সেয়া গৰিহণা যোগ্য ।