শিলচৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ চিন্তা-চৰ্চাক উচ্চ শিখৰলৈ নিছে যদিও মানুহবোৰে যেন ক্ৰমান্বয়ে হেৰুৱাই পেলাইছে মায়া-মমতা, মানৱতা৷ এতিয়া যেন এক আসুৰিক শক্তিয়ে একাংশক দানৱ কৰি তুলিছে। বৰাক উপত্যকাৰ কাছাৰ জিলাত দেওবাৰে সংঘটিত এটি ঘটনাই যেন পুনৰ উদঙাই দিলে জীৱশ্ৰেষ্ঠৰ নীচ স্বৰূপ।
একৈশ শতিকাৰ জীৱশ্ৰেষ্ঠ মানৱৰ হাতত এটি এঘাৰ বছৰীয়া কণমাণিৰ প্ৰাণ যোৱাটো এতিয়া খবৰ কাকত তথা নিউজ চেনেলৰ এটা খবৰহে৷ সমাজ ব্যৱস্থা কিমান ভয়াৱহ তথা বিশৃংখল হৈ পৰিছে তাক ফঁহিয়াই চোৱাৰ আহৰি যেন কাৰোৰেই নাই৷