নলবাৰীঃ বিশিষ্ট নাট্যশিল্পী, সমাজকৰ্মী মধুসূধন মজুমদাৰৰ ৮১ বছৰ বয়সত মঙলবাৰে নলবাৰী জিলাৰ দক্ষিণ আমনিৰ নিজ বাসভৱনত মৃত্যুক আকোৱালি লয়৷ প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ তাৰাচৰণ মজুমদাৰৰ ভাতৃ মধুসূধন মজুমদাৰৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে শোকৰ ছাঁ পৰে নলবাৰীত।
নাট্য শিল্পী মধুসূধন মজুমদাৰে ‘কালাপাহাৰ, মচনদ, মেঘাবৃত্ত ভাস্কৰ, এমুঠি চাউল, চম্বলৰ অভিশাপ আদি নাটকত বলিষ্ঠ অভিনয় কৰি সমাদৰ লাভ কৰিছিল। মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ, তিনি কন্যা সহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।