খেৰণিঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে কাৰ্বি পাহাৰৰ উন্নয়ণৰ বাবে কোটি কোটি টকা অৱন্টন দি আহিছে যদিও সেই টকা ব্যৱহাৰ কৰাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ কেৱল সেয়াই নহয় কাৰ্বি পৰিষদ তথা ৰাজ্য চৰকাৰে কাৰ্বি আংলঙত বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও আঁচনি সমূহ তদাৰক নকৰাৰ ফলত জহি-খহি যোৱা পৰিলক্ষিত হয়৷
কোটি কোটি টকা খৰচ কৰি কাৰ্বি পাহাৰৰ খান্দোলিত পৰ্যটকৰ বাবে নিৰ্মাণ কৰা এটি ভৱন জহি-খহি যাবলৈ আৰম্ভ কৰাত এনে প্ৰশ্ন উত্থাপন হৈছে। নৈতিক দায়িত্ব, যত্ন আৰু সংৰক্ষনৰ অভাৱত অসম-মেঘালয় সীমান্তৰ কাৰ্বি পাহাৰৰ খান্দোলিত নিৰ্মাণ কৰা ৰাজমহলসদৃশ কোটি টকীয়া খান্দোলি পৰ্যাটক ভৱন জহি-খহি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে।