গুৱাহাটীঃ বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে কৈছিল এটা৷ নিৰ্বাচনৰ পাৰ হোৱাৰ পিছত কলে আন এটা এটা৷ বাংলাদেশী খেদাৰ হুংকাৰ দি থলুৱাৰ ভোট লৈ গাদী দখল কৰাৰ পিছত পাভলুটি মাৰি এতিয়া বাংলাদেশী আনিবৰ বাবে উঠিপৰি লাগিছে দলটোৱে৷ এই বিড়ম্বনা অসমীয়াৰ আজিৰ নহয়৷ দেশ স্বাধীন হোৱাৰ পৰাই এই বিড়ম্বনাৰ মাজেৰে জীয়াই আছে অসমীয়া জাতি৷ দিল্লী দিছপুৰৰ প্ৰতি খন চৰকাৰে অসম স্বাধীনতাৰ পিছৰে ৰামঠগন দি আহিছে৷
এইবাৰো জাতি, মাটি, ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংশোধন কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খুজিছে৷ যোৱ দুটা বছৰ কেন্দ্ৰ চৰকাৰ খনৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিজেপি দলে অসমৰ ৰাইজৰ গণ সংগ্ৰামক সন্মান নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ৰাইজ৷ আকৌ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈছে অসমৰ ৰাইজ৷