ডিজেটেল ডেস্কঃ বিয়া এক সামাজিক বান্ধোন। এৰাব নোৱোৰা মিলন বুলি কোৱা হয়। দুখন হৃদয়ৰ বুজাপৰা নহ’লে যুৱক-যুৱতীয়ে সাধাৰণতে বিয়াত নবহে। তাৰ মাজতে একাংশ যুৱকে জোৰ জুলুম কৰি বিয়া কৰাৰ চেষ্টা চলাই কোনো এগৰাকী যুৱতীক।
তেনেই এজন যুৱকে এগৰাকী যুৱতীক দিছিল বিবাহৰ প্ৰস্তাৱ। কিন্তু যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ গ্ৰহণ নকৰাত জ্বলাই হত্যা কৰে যুৱতীগৰাকীক। বিবাহক লৈ যুৱতীৰ মনত থাকে অলেখ সপোন, হেপাহ আৰু পৰিকল্পনা। কিন্তু বিয়াত বহিবৰ বাবে সন্মতি নিদিয়াৰ বাবেই নিজৰ প্ৰাণ দিবলগীয়া হ’ল যুৱতীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।