কোকৰাঝাৰঃ পৃথক বডোলেণ্ড গঠন, বিটিএডি এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, বড়ো বিদ্ৰোহী সংগঠনসমুহৰ সৈতে শীঘ্ৰে অালোচনা অনুষ্ঠিত কৰাৰ দাবীকে ধৰি অান কেবাটাও দাবীৰ সমৰ্থনত অাজি এবছুৱে সোণকোষৰ পৰা শদিয়ালৈ সৰ্বমুঠ ২০০খন সভা অনুষ্ঠিত কৰি পুনৰাই পৃথক বডোলেণ্ড দাবী গঠনৰ অান্দোলন তীব্ৰতৰ কৰি তোলাাৰ হুংকাৰ প্ৰদান কৰিছে।
১০ মাৰ্চৰ পৰা এবছুৰ অনিৰ্দিষ্টকালীন অনশন। সোণকোষৰ পৰা শদিয়ালৈ পৃথক বডোলেণ্ডৰ দাবীত এবছুৰ উদ্যোগত অনুষ্ঠিত ২০০ খন সভা।