খেৰণিঃ দুৰ্নীতি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰাৰ চৰকাৰৰ দিনত আজিও ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি যোগান বিভাগলৈ সকলোতে আজিও দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তেনে সময়তে কাৰ্বি আংলং জিলাৰ খেৰণিত ঘেঁহুসহ ১৪ খন ট্ৰাক জব্দ এৰি আৰক্ষীয়ে এৰি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কাৰ্বি ছাত্ৰ সন্থাই তৰা ২০৭/১৭ নং গোচৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে জব্দ কৰা ট্ৰাককেইখন জব্দ কৰাৰ কেইঘণ্টামানৰ পিছতেই আৰক্ষীয়ে ৰহস্যজনকভাৱে মুকলি কৰি দিয়ে৷ ট্ৰাক কেইখনে কাৰ্বি আংলং জিলাৰ ডিফুস্থিত আৰু নগাঁও জিলাৰ এফ চি আই-ৰ গুদামৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিৰ বিচিক্ৰি নামৰ আটা মিললৈ ঘেঁহু কঢ়িয়াই আনিছিল বুলি জানিব পৰা যায়। কাৰ্বি ছাত্ৰ সন্থাই চৰকাৰে যোগান ধৰা ঘেঁহুসমূহ কলা বজাৰত বিক্ৰী কৰিব নিয়াৰ সন্দেহ কৰে। ফলত কাৰ্বি ছাত্র সন্থাৰ নেতা চিমেয়ন ৰংফাৰে ডিফু আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।