ডিফুঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মাথো কেইটামান ঘন্টাৰ পিছতে ৩১ ডিচেম্বৰৰ মাজ নিশা প্ৰকাশ পাব খিলঞ্জীয়াৰ ৰক্ষা কৱচ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম খন খচৰা৷ প্ৰথম খন খচৰা তালিকাৰ পৰা বাদ পৰা আবেদনকাৰী সকলৰ মাজত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যিক এনআৰচি কৰ্তৃপক্ষ, ৰাজ্যৰ প্ৰশাসনিক বিভাগ সমূহে আবেদনকাৰীসকলক আতংকিত নহবলৈ আহ্বান জনাই আহিছে৷ ৰাজ্যজুৰি কমিউনিটি পৰ্যায়ত সজাগতা সভা, বিজ্ঞাপন আৰু সংবাদ মেল যোগে আহ্বান জনাই আহিছে প্ৰশাসনে৷
শনিবাৰে পূৱ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আদিল খানে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদ মেল অনুষ্ঠিত কৰি অহা ৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া এনআৰচিৰ খচৰা খন আংশিক খচৰাহে বুলি কয়৷ আবেদনকাৰী সকলৰ নাম খচৰা খনত নাথাকিলেও ভীতিগ্ৰস্ত হ’ব নালাগে৷ যিসকল আবেদনকাৰীৰ নাম পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে সেই সকলৰ নামহে প্ৰথম খচৰাত সন্নিবিষ্ট হৈছে৷ প্ৰথম খচৰাত প্ৰকাশ নোপোৱা আবেদনকাৰীৰ নাম পৰীক্ষণ কাৰ্য সম্পন্ন হোৱাৰ পিছত দ্বিতীয় খন খচৰাত প্ৰকাশ পাব, ইয়াৰ পিছত আবেদনকাৰীয়ে ওজৰ-আপত্তিৰ বাবে যঠেষ্ট সময় পাব৷