ডিজিটেল ডেস্কঃ মৌলবাদী নেতা হাফিজ ছৈয়দক পাকিস্তান চৰকাৰে কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ পিছতে সৰৱ হৈ পৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ জামাত উদ দাৱা নামৰ ইছলামীক সংগঠনটোৰ প্ৰতিষ্ঠাপক নেতা হাফিজৰ বিৰুদ্ধে ইউ এনে শিৰৰ মুল্য ১০ মিলিয়ন আমেৰিকান ডলাৰ ঘোষণা কৰিছিল। হাফিজক এৰি দিয়াত পাকিস্তানৰ বিৰুদ্ধ সৰৱ হৈ পৰিছিল ডনাল্ড ট্ৰাম্প।
তাৰ পিছতে ট্ৰাম্প আকৌ এবাৰ সৰৱ হৈ পৰিছে পাকিস্তানৰ বিৰুদ্ধে৷ এইবাৰ পাকিস্তানক কোনো ধৰণৰ আৰ্থিক সাহায্য দিয়া নহ’ব বুলি কয় ট্ৰাম্পে৷ এটি টুইট যোগে ট্ৰাম্পে কয় “পূৰ্বে মাৰ্কিন ৰাজনীতিবিদ সকলক বাৰে বাৰে পাকিস্তানে বুৰ্বক সজাইছিল৷ বিলিয়ন বিলিয়ন ডলাৰৰ বিনিময়ত মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে আন কাম কৰা নাই৷ বহুত হ’ল৷