কোকৰাঝাৰঃ মন উতলোৱা ফাগুনত চৌদিশে মাথো শুভ-বিবাহৰ পয়োভৰ। আকাশে-বতাহে বলিয়া ফাগুনৰ শিমলু ফুল যেন ৰং শিৰত সিঁচি দিয়াৰেই যেন এক উন্মাদনা। মন ৰঙীণ কৰি তোলা এনে বতৰতেই বলিয়া ফাগুনে অাকৌ কাৰোবাৰ সপোনবোৰ তচনছ কৰি সংগোপনে উৰা মাৰে অচিন কৰবালৈ।
কোকৰাঝাৰৰ সদৰ চহৰৰ নজেন নাথৰ পৰিয়াল চহৰখনৰ এক সম্ভ্ৰান্ত পৰিয়াল। নজেন নাথৰ দুহিতা অনুপমা নাথ হ’ল উচ্চশিক্ষাৰে শিক্ষিতা অাধুনিক ছোৱালী। ফাগুনৰ মন উন্মনা কৰা বতৰতে বিয়া ঠিক হ’ল ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সূৰ্যাখাতাৰ উচ্চশিক্ষিত, পেছাত অভিযন্তা উদ্ধৱ নাথৰ সৈতে। দুয়ো পৰিয়ালৰ মাজত অানন্দ, উলাহ। বিবাহৰ দিন -বাৰ ঠিক হ’ল।