কামপুৰঃ আৰক্ষীৰ প্ৰহাৰত নগাঁও জিলাৰ কচুৱাৰ লংজাপ মাজগাঁৱৰ বাপধন নাথ নামৰ লোক জনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হয়৷ শুকুৰবাৰে বাপ ধন নামৰ লোকজনৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে পৰিয়ালৰ লোকসকলে উত্তেজিত হৈ পৰে৷
পৰিয়ালৰ লোকসকলে আৰক্ষীক প্ৰহাৰ কৰিবলৈ উদ্যত হয়৷ এগৰাকী আৰক্ষী বিষয়াক মহিলাই বেয়াকৈ প্ৰহাৰ কৰা দেখা যায়৷ কামপুৰ এফআৰইউত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে কান্দোনৰ ৰোল উঠে৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বাপধনে কোনো লোকৰ সৈতে তর্কাতৰ্কিত লিপ্ক হয়৷ উক্ত সময়ত মদৰ ৰাগীত আছিল বাপধন৷