73
আগৰতলাঃ ত্ৰিপুৰাত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ ত্ৰিপুৰা বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে কেন্দ্ৰীয় আঁচনি ৰূপায়ণ-ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় নেতাৰে ভৰি পৰিছে ত্ৰিপুৰা৷ ৬০টা বিধান সভা সমষ্টিৰ ত্ৰিপুৰৰা শাসন ভাৰ যোৱা প্ৰায় ৩০ বছৰে চিপিআইএমে দখল কৰি আছে৷ কিন্তু এইবাৰ চিপিআইএমৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে বিজেপি৷ বিজেপিয়ে ইতিমধ্যে নানা প্ৰতিশ্ৰুতি দি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷
