83
গৰৈমাৰীঃ এটা চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱাই হাহাকাৰ কৰি ফুৰিছে তেনে সময়তে গ্ৰাম্য এলেকাৰ একাংশ যুৱকে খেতি কৰি পৰিয়াল পোহপাল দি আহিছে।
গ্ৰাম্য এলেকাৰ বহু যুৱকে চন পৰি থকা ভূমিত বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা চলাই সফলো হৈছে। পাচলি খেতি, ধান খেতি, কাঠফুলা খেতি কৰি স্বাৱলম্বী হোৱা দেখা যায়। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰাখাটত এজন নিবনুৱা যুৱকে বিলাহী খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।