কোকৰাঝাৰঃ কোকৰাঝাৰৰ খাৰগাঁওস্থিত বিটিএডি গাওঁবুঢ়া ভৱনত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিটিএডি গাঁওবুঢ়া সন্থাৰ ১৩ তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিটিএডি গাঁওবুঢ়া সন্থাৰ ১৩ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে বিটিএডি গাঁওবুঢ়া সন্থাৰ সভাপতি ধনঞ্জয় ব্ৰহ্মই।
পতাকা উত্তোলনৰ পিছতে গাঁওবুঢ়া ভৱনৰ চৌহদত থকা বিটিএডি গাঁওবুঢ়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত গোপাল চন্দ্ৰ বসুমতাৰীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে গাঁওবুঢ়া সন্থাই। ইয়াৰ পিছতে বিভিন্ন প্ৰান্তৰ কেবাশতাধিক গাওঁবুঢ়াৰ উপস্থিতিত গাঁওবুঢ়া ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাত বিটিএডি গাঁওবুঢ়া সন্থাৰ সভাপতি ধনঞ্জয় ব্ৰহ্মই বিটিচি প্ৰশাসনে গাঁওবুঢ়া সন্থাৰ সতে সহযোগিতা নকৰাৰ অভিযোগ কৰি ৰাজহ গাঁও অনুপাতে চৰকাৰে গাঁওবুঢ়া নিযুক্তি নিদিয়াৰ অভিযোগ উত্থাপন কৰে।