নামতিঃ আহোমযুগৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাৰ ধোদৰ আলিৰ ঐতিহ্যমণ্ডিত এখন পুলৰ শুকুৰবাৰে নৈশ বাছৰ খুন্দাত বৃহৎ এটা অংশ খহি পৰাত চাঞ্চল্যৰ সৃষ্টি হয়। নামতি পুল নামেৰে বিখ্যাত পুলটো শুকুৰবাৰে এখন বাছখনৰ খুন্দাত এটা অংশ খহি পৰে যদিও যাত্রী সকল কথমপি প্রাণ ৰক্ষা পৰে।
গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলা বাবে এতিয়া আহোম স্বর্গদেউৰ ৰাজত্ব কালৰ নামতি নৈৰ ওপৰত নির্মাণ কৰা ঐতিহাসিক পুলটো জহি খহি যাবলৈ ধৰাৰ পিছতো মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় দল-সংগঠনে পুলটো মেৰামতি কৰাৰ দাবী জনাই অহাৰ পিছতো নামতি পুলটো জৰাজীর্ণ অৱস্থাত থকাৰ ফলতে এনদৰে এটা ইতিহাস ধ্বংস হ’বলৈ ওলাইছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷