মৰিয়নীঃ শীতৰ আগমণৰ লগে লগে বনভোজ খাবলৈ আৰম্ভ কৰে অসমৰ মানুহে। বিশেষকৈ সকলোৱে এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশত বনভোজস্থলীত বনভোজ খাবলৈ ইচ্ছা কৰে৷ ৰাজ্যত তেনে ঠাই বহু আছে। কিন্তু ইয়াৰ ব্যতিক্ৰম হল যোৰহাট৷
কাৰন যোৰহটৰ ৰাইজৰ বাবে বনভোজৰ খাবৰ বাবে ঠাই সীমিত। কিন্তু এতিয়া আৰু চিন্তা নাই।কিয়নো জিলাখনৰ নকচাৰীৰ মৰঙিয়ালত বনভোজৰ বাবে স্থানীয় ৰাইজে সাজু কৰিছে বিশেষ বনভোজস্থলী। পাহাৰৰ মাজত সাজি-কাছি তোলা ঠাইডোখৰত সকলোকে হাতবাউল দি মাতিছে প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ।