Home ৰাজ্যআক্ৰাছুৰ একত্ৰিকৰণ অধিবেশনত উখল মাখল পৰিৱেশ, উপস্থিত দুয়ো গোটৰ নেতা

আক্ৰাছুৰ একত্ৰিকৰণ অধিবেশনত উখল মাখল পৰিৱেশ, উপস্থিত দুয়ো গোটৰ নেতা

by News Desk
59 views
A+A-
Reset

কোকৰাঝাৰঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলা৷ দেওঁবাৰে একত্ৰিত হ’ল বছৰ বছৰ ধৰি দুই মেৰুত অৱস্থান গ্ৰহণ কৰা আক্ৰাছুৰ দুই গোট৷ অৱশেষত যেন সকলো জল্পনা-কল্পনা অৱসান ঘটিল৷ একত্ৰিত হ’ল আক্ৰাছুৰ দুয়োটো গোট। কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতিয় সংগঠন আক্ৰাছু দুটা গোটত বিভাজিত হৈছিল যদিও অৱশেষত আক্ৰাছু একত্ৰিতকৰণ আহ্বায়ক সমিতিৰ বহুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে দেওবাৰে আক্ৰাছু দুয়োটা গোট অধিৱেশনত উপস্থিত থাকি এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়৷

আক্ৰাছু’ৰ দুয়োটা গোট একত্ৰিত হোৱাত কোচ ৰাজবংশী জনতা উল্লাস প্ৰকাশ কৰে৷ বহু বাদ বিতৰ্কৰ অন্তত অৱশেষত আক্ৰাছুৰ দুয়োটা গোট একত্ৰিকৰণৰ চুড়ান্ত সিদ্ধান্ত উপনীত হয় দেওঁবাৰে। আক্ৰাছুৰ প্ৰদীপ গোট আৰু আক্ৰাছুৰ হিতেশ গোটে অৱশেষত ৰাইজৰ সিন্ধান্ত অনুসৰি একত্ৰিকৰণৰ উদ্দেশ্যে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা ফেলপথাৰত অনুষ্ঠিত কৰিছে দ্বি-বাৰ্ষিক যৌথ অধিবেশন। আক্ৰাছুৰ শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা একত্ৰিতকৰণ অধিবেশনত আক্ৰাছুৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0