ঢেকীয়াজুলিঃ ৰাজ্যৰ ১৩খন জিলাত ৩-৬ জানুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ সুকলমে অনুষ্ঠিত হৈ যায়৷ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি পৰিল যদিওঁ দুগৰাকী পৰ্যবেক্ষকক সেনা আৰক্ষীয়ে উগ্ৰপন্থীৰ দৰে ব্যৱহাৰ কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলি সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, পৰ্যবেক্ষক, আমোলা, বিষয়া সকলো ব্যস্ত হৈ পৰাৰ সময়তে দুগৰাকী প্ৰৱক্তা তথা পৰ্যবেক্ষকক সেনা-আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ ব্যস্ত থকাৰ সময়তে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি শিক্ষাখণ্ডৰ চাৰিখনকৈ প্ৰাথমিক বিদ্যালয়ত পৰ্যবেক্ষকক হিচাপে দায়িত্ব লৈ নগাঁও জিলাৰ জুৰীয়া কলেজৰ পৰা অহা দুই প্ৰৱক্তাক সেনা আৰু আৰক্ষীৰ হাতত নিৰ্যাতনৰ বলী হ’ব লগা হোৱা অমানবীয় ঘটনাই চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক৷ আৰক্ষীয়ে সকলো সীমা চেৰাই অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনাই শিক্ষা বিভাগকো চিন্তিত কৰি তুলিছে৷