নগাঁওঃ যুৱ কবি মনোৰঞ্জন শইকীয়াৰ প্ৰথম খন কাব্য সংকলন ‘আকাশ চুবৰ মন’ দেওবাৰে উন্মোচন কৰে গণশিল্পী সূৰ্য দাসে৷ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত কাব্য সংকলন উন্মোচন কৰা হয়৷
উন্মোচনী অনুষ্ঠানত শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমৰ জ্যোতি মহন্ত, বিশিষ্ট শিল্পী চৈয়দ চাদুল্লা, প্ৰাক্তন কৰ অধীক্ষক জ্যোৰ্তিময় কলিতা, বৰ্ণালী দত্ত বৰা, ৰাজীৱ বৰা, সুপ্ৰীত বৰুৱাই উপস্থিত থাকি কাব্য সংকলন খনৰ একোটাকৈ কবিতা পাঠ কৰে৷ এগৰাকী নাট পৰিচালক, অভিনেতা, হিচাপে পৰিচিত মনোৰঞ্জন শইকীয়া এগৰাকী শিক্ষক৷