নগাঁওঃ ৰাজ্যত এগৰাকী শক্ৰি মন্ত্ৰী আছে নে নাই সেই কথা অসমৰ ৰাইজে পাহৰিয়ে পেলাইছে৷ যোৱাটো বাৰিষাৰ সময়ত তথা বানপানীৰ সময়ত প্ৰায় ৭৫ গৰাকী লোক বানৰ পানীত পৰি থকা বিদ্যুৎৰ তাৰ, জংঘলত পৰি থকা তাৰ লাগি মৃত্যু হৈছে৷ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতো গা নলৰিল বিভাগটোৰ৷ অসমৰ ৰাইজে পুণৰ বাৰিষা অহাৰ পূৰ্বে সমস্যা সমূহ সমাধান কৰিব বুলি ভাবিছিল৷
কিন্তু বিভাগটোৰ মন্ত্ৰীগৰাকীয়ে সমস্যা সমূহক এতিয়ালৈ গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চৰাইবাহী বিদ্যুৎ উপ-সংমণ্ডলৰ অধিনৰ জাজৰি আৰু কহুঁৱাআটি ফিডাৰৰ বিদ্যুৎ গ্ৰাহকসকল বিদ্যুৎ সেৱে লাভ কৰাৰ নামত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিোগ উত্থাপন হৈছে৷ অসম বিদ্যুৎ বিতৰণ কোম্পেনী লিমিটেড চমুকৈ এ পি ডি চি এলে ফিডাৰৰ বিদ্যুৎ গ্ৰাহকসকলক ‘নিৰ্মল ইলেকট্ৰিকেল মিউজিয়াম’ নামৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ অধীনলৈ হস্তান্তৰ কৰাৰ পিছত গ্ৰাহকসকল নানা প্ৰকাৰৰ অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷