খেৰণিঃ কাৰ্বি পাহাৰত সোমবাৰে আলোচনাপন্থী কাৰ্বি পিপল লিবাৰেচন টাইগাৰ চমুকৈ কে পি এল টিয়ে অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। কাৰ্বি আংলঙৰ কলঙাস্থিত অস্থায়ী শিবিৰত সংগঠনটোৱে প্ৰতিষ্ঠা দিৱস পালন কৰে৷ পুৱাই সংগঠনৰ পতাকা উত্তোলন কৰে অধ্যক্ষ দনৰী ক্ৰামছাই। পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ গাওঁবুঢ়া সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়। কে পি এল টি-ৰ সহ সম্পাদক চং ৰিছ ক্র নিহাঙে স্বায়ত্ব শাসিত ৰাজ্য দাবী কাৰ্বি ৰাইজৰ নায্য দাবী বুলি উল্লেখ কৰে।
ভাৰতীয় সংবিধানত সন্নিবিষ্ট অনুচ্ছদেৰ ২৪৪(এ) মতে কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুয়োখন জিলাক সামৰি এখন স্বায়ত্ব শাসিত ৰাজ্য গঠন কৰিব পাৰে বুলি উল্লেখ আছে বুলি কয়। কিন্তু ৰাজ্য কিম্বা কেন্দ্ৰীয় চৰকাৰে পাৰ্বত্য ৰাইজক আভুৱা ভৰি প্ৰাপ্য অধিকাৰ আৰু দাবীসমূহৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ উত্থাপন কৰে চং ৰিছ ক্র নিহাঙে। গতিকে চৰকাৰে কে পি এল টি য়ে দাবী কৰা সন্দৰ্ভত সৈমান নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।