Home ৰাজ্যৰঙিয়াৰ বঙালীকুছিত পথ দুৰ্ঘটনা, আহত ২ চাইকেল আৰোহী

ৰঙিয়াৰ বঙালীকুছিত পথ দুৰ্ঘটনা, আহত ২ চাইকেল আৰোহী

by News Desk
62 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ বঙালীকুছিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনাত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী চাইকেল আৰোহী গুৰুতৰ বাৱে আহত হয়। গুৱাহাটী অভিমুখে আহি থকা এএছ-০১-ডিজি-২৮৩৮ নম্বৰৰ কিৱেড বাহন খনে পথৰ দাতিৰে চাইকেল চলাই গৈ থকা দুই চাইকেল আৰোহীক খুন্দা মাৰে।

ফলত গুৰুতৰভাৱে আহত হয় কেন্দুকোনাৰ মাধৱ কলিতা (৪৫) আৰু মুৰাৰাৰ কৈলাশ কলিতা (৪৩)। গুৰুতৰভাৱে আহত দুয়োগৰাকী লোকক ৰাষ্ট্রীয় ঘাইপথৰ দাতিতে চটফটাই পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে দুয়োজনকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ নি ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে দুয়োজনকে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0