চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিত সোমবাৰে এটি যোগা প্ৰশিক্ষন কেন্দ্ৰ মুকলি কৰা হয়৷ চামগুৰিত যোগ প্ৰেৰণা-দ্যা যোগা চেন্টাৰ নামৰ যোগ প্ৰশিক্ষণটো কেন্দ্ৰটো উদ্বোধন কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই৷
প্ৰাক্তন সাংবাদিক তথা যোগ প্ৰশিক্ষক ৰেখামনি দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোৰ মুকলি সভাত সভাপতিত্ব কৰে অসম যোগ সন্থাৰ সভাপতি প্ৰভাত চন্দ্ৰ বৰাই। অনুষ্ঠানত শিশু অৰ্চিত বৰা, প্ৰজ্ঞানজ্যোতি বৰা, কৃষ্টি হাজৰিকা, জাগৃতি শৰ্মাৰ লগতে বনশ্ৰী বৈৰাগী, প্ৰণামী হাজৰিকা, চয়ানিকা শৰ্মাই যোগ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।