ডিব্ৰুগড়ঃ এগৰাকী ছাত্ৰ নেতাক হত্যাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱাত৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ উপদেষ্টা বিশ্বজিত ফুকনক হত্যাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷
সংগঠনটোৱে অভিযোগ উত্থাপন কৰা মতে, বৃহত্তৰ চাবুৱা অঞ্চলৰ দুৰ্নীতি, অনিয়ম চিণ্ডিকেট আদিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি অহা তথা আন্দোলনৰ নেতৃত্ব দি অহা ছাত্ৰ নেতাজনক এটা চক্ৰই হত্যাৰ কৰাৰ চেষ্টা কৰি বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷