মাৰ্ঘেৰিটাঃ যোৱাটো বৰ্ষৰ ১ এপ্ৰিলৰ পৰা অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জনকল্যাণকামী আঁচনি অটল অমৃত অভিযানৰ হিতাধিকাৰীসকলৰ চিকিৎসাৰ সাহায্য সহায়ৰ বাবে চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ সহায়ৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷
দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে ৷ দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ণ কৰে৷ হৃদ ৰোগ, কৰ্কট ৰোগ, বৃক্কজনিত ৰোগ, নৱজাতকৰ ৰোগ, জুইয়ে পোৰা আৰু স্নায়বিক ৰোগ চিকিৎসা কৰাত সহায়ৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰে৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লেখাপানীত অটল অমৃত যোজনাৰ প্ৰ-পত্ৰ পূৰণৰ লগতে হিতাধিকাৰীক স্মাৰ্ট কাৰ্ডৰ বিতৰণো দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷