গুৱাহাটীঃ প্ৰচণ্ড শীতৰ কবলত আমাৰ ৰাজ্য অসম৷ সৰ্বনিম্ন শীতে হয়তো এইবেলি ৰেকৰ্ড গঢ়িলে৷ আজিও শীতৰ প্ৰকোপ ১০ ডিগ্ৰী তললৈ নামিছে বুলি জানিব পৰা গৈছে৷ ঘন কুঁৱলীৰ আচ্ছাদনে আকাশ যেন মেঘাচ্ছন্ন কৰি ৰাখিছে ৰাজ্যৰ বহু ঠাই৷ কিন্তু তাৰ মাজতে গুৱাহাটী মহানগৰীত মঙলবাৰৰ পুৱাৰে পৰা সূৰ্য দেৱতাই ভূমুকি মাৰি কিছু হলেওঁ শীকৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিছে মহানগৰবাসীক৷
কেৱল অসমতে নহয় চুবুৰীয়া দেশ বাংলাদেশ, ভূটান, চুবুৰীয়া ৰাজ্য মেঘালয়, ত্ৰিপুৰা, অৰুণাচলত ইতিহাসত হয়তো ইমান ঠাণ্ডা পূৰ্বে পৰা নাছিল৷ বছৰৰ প্ৰথমটো দেওবাৰ আৰু সোমবাৰে সৰ্বনিম্ন ঠাণ্ডাই মানুহক চিন্তিত কৰি তোলে৷