দলংঘাটঃ যোৱা কেইবাটা বছৰত অসমৰ যুৱ প্ৰজন্মই চছিয়েল মিডিয়া যোগে সাহিত্য চৰ্চা, জনমত গঢ়াৰ লক্ষ্যৰে নানান বিষয়ৰ আলোচনা-বিলোচনা কৰা দেখা যায়৷ ৰাজ্য খনৰ উদীয়মান যুৱক-যুৱতীয়ে ফেচবুক, ৱাটছএপ গ্ৰুপ আদিত বিশেষ ভাৱে সাহিত্য চৰ্চা তথা প্ৰতিভা বিকাশ কৰে। বিশেষকৈ ফেচবুকৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ বহু কবি, লেখক-লেখিকা একত্ৰিত হৈ ফেচবুকৰ জৰিয়তে কৰি আহিছে সাহিত্য চৰ্চা৷
তেনেই এটা চছিয়েল মিডিয়াৰ গ্ৰুপ হৈছে দৃষ্টি৷ চছিয়েল মিডিয়াৰ দৃষ্টি গ্ৰুপে দৰং জিলাৰ দেওমৰনৈত দেওবাৰে অনুষ্ঠিত কৰে অন্তৰংগ আলাপ অনুষ্ঠান৷ দৰঙৰ দেওমৰনৈ কুমাৰপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত অন্তৰংগ অনুষ্ঠান সঞ্চালনা কৰে দৰং জিলা পৰিষদৰ জিলা প্ৰকল্প প্ৰৱন্ধক বনমালী শৰ্মাই।