নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ আলিটাঙনী গাঁৱৰ নিবাসী তথা আলিটাঙনী মৌজাৰ মৌজাদাৰ হাজী ছৈয়দুৰ ৰহমানে মৃত্যুক আকোৱালি লয়৷ ৭০ বছৰ বয়সত দেওবাৰে নিশা প্ৰায় ১১ বজাত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৰহমানৰ।
উল্লেখযোগ্য যে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ গুৰি ধৰোতা, প্ৰাক্তন বিধায়ক, কৃষক নেতা মৰহুম ওচমান আলী সদাগৰৰ নাতি প্ৰয়াত ছৈয়দুৰ ৰহমান, ১৯৯২ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আলিটাঙনী মৌজাৰ মৌজাদাৰ হিচাপে দায়িত্বত আছিল গ্ৰহণ কৰি আছিল। আলিটাঙনী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল।