ওদালগুৰিঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি সোমবাৰে ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাংগণত ভোগালীৰ মেজি জ্বলি শতাধিক ভক্তই। সোমবাৰে পুৱাৰে পৰাই বিভিন্ন নাম প্ৰসংগৰে মুখৰিত হৈ পৰে বৰপেটা সত্ৰৰ স্বীকৃতিপ্ৰাপ্ত ওদালগুৰি শংকৰদেৱ সত্ৰ।
১৯৩৫ চনতে স্থাপন কৰা ওদালগুৰিৰ শ্ৰীমন্ত শংকৰ দেৱ সত্ৰলৈ পুৱাৰে পৰাই চহৰখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা গায়ন-বায়ন, আই-বাপ, বৃদ্ধ, শিশু-মহিলাই ভিৰ কৰা পৰিলক্ষিত হয়। নাম-প্ৰসংগৰ পাছতেই বাপ-বান্ধৱসকলৰ হৰিধ্বনিৰে সত্ৰখনৰ সন্মুখত নিৰ্মাণ কৰা মেজি প্ৰজ্বলন কৰে।