ডিব্ৰুগড়ঃ যোৱা ৩০ ঘন্টাৰ ভিতৰত ৰাজ্যত দুই ঠাইত দুটাকৈ পহু উদ্ধাৰ হৈছে, এঠাইত বনৰীয়া ঘোৰাই মুকলি বিচৰণ কৰাৰ লগতে এটি গঁড় হত্যা হৈছে। শোণিতপুৰ জিলাৰ বালিপৰাৰ সৰুপাটগাঁৱত সোমবাৰে অৰ্থাৎ ১৫ ডিচেম্বৰত এটি পহু উদ্ধাৰ হয়৷ সৰুপাটগাঁৱৰ একাংশ লোকে স্থানীয় পথাৰত পহুটোক বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি আৱদ্ধ কৰে আৰু বন বিভাগক গতাই দিয়ে৷
আনহাতে একেটা দিনতেই নগাঁও জিলাৰ চামগুৰিত এটা পহু উদ্ধাৰ হয়৷ চামগুৰিৰ লতানি চাপৰিৰ এখন পথাৰত অচেতন অৱস্থাত পৰি আছিল পহুটো৷ একাংশ লোকে পহুটো উদ্ধাৰ কৰি বন বিভাগৰ লাঁওখোৱা কাৰ্যালয়ত গতাই দিয়াত বন বিভাগে চিকিৎসা কৰে পহুটোক সুস্থ কৰে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এটি ঘোৰৰা জাকে মুকলি বিচৰণ কৰাৰ খবৰ আহে আমালৈ৷